দিনটো এই কেইদিন এনেকুৱা হৈছে যে কিবা ১২ মানত হে ষ্টাৰ্ট হয় । ষ্টাৰ্ট মানেনো কি আৰু, উঠি চাহ বা কফি কাপ হাতত লৈ ফিল এটাৰ সৈতে এনঞ্জয় কৰোঁতে এঘণ্টামান পাৰ কৰা টোৱে যেন দিনটোৰ first কাম --!! লকডাউন টোৱে প্ৰথমতে এটা ব্যস্ততাময় জীৱনৰ কাৰণে আৰ্শীবাদ হৈ এটি কব নোৱাৰা ফূৰ্টি মনলৈ লৈ আহিছিল কিন্তু সুখ আৰু মই যে এটা মুদ্ৰাৰ ইপিঠি- সিপিঠি,এটাই আনটোক কেতিয়াও দেখায়ে নাপাওঁ !! আৰু খঙটো তেতিয়াহে উঠি আহে যেতিয়া বিশালৰ ৰাতি দুই বা তিনি বজাত এটা মূৰৰ কামুৰণি উঠে " অভি দা আজি Netflix ত এইখন চাম দেই " বচ এৰেঞ্জমেন্ট হৈ গল ৰাতিপুৱা চৰাই মাত নুশুনালৈ বোন্দাপৰ দি টিভিটোৰ আগত বহি থকাৰ। আৰু সেইটোৱে মোৰ দৰে দিচিপ্লিন (হা হা হা ) লৰাটোৰ ৰুটিন ব্ৰেক কৰাৰ কাৰণে বেষ্ট ব্ৰহ্মাস্ত্ৰ ।
অ-হা ,বিশাল কোন কোৱাই নহল নহয়---বুদ্ধিয়ক ,এটা ব্ৰহ্মশিয়াল বুলি যাক কব পাৰি সেইটো!! কিন্তু বুদ্ধি বোৰ এনেকুৱা ভয়ংকৰ সময়ত ফেইল হৈ যায় ,মূৰ খজুৱাই হে তত পায়!! মানে সচা কথা কব গলে --হাৰ্মলেছ ক্ৰিয়েছাৰ অলৱেজ লাভিং ইন নেছাৰ এণ্ড এ টুটেল কনফিউজ আত্মা! পিছে বেয়াও লাগে বেচেৰা টোলৈ এই লকডাউন ডিক্লিয়েৰ হোৱাৰ আগৰ দিনটোতে এটা হাঁহ আৰু এটা বাকাৰ্দি লৈ ঘৰ ওলাই কৈছিল " অভি দা নিউজটো চোৱা চোন ,সকলো এডুকেশ্বনেল ইষ্টিটিউচন বন্ধ কালিৰ পৰা,আজি বঢ়িয়া মুভি এখন চাম দিয়া আৰু ফুলটো পুৰা দিম।" বেচেৰাই কি জানিছিল নিজেই এখন মুভি বনি গল ,তাৰ ঘৰলৈ যোৱা নহল আৰু আজি লৈ ।
কফি খাবা ? পিছ ফালৰ পৰা দিয়া মাতটোৱে হঠাৎ মই ভাবি থকা কথাবোৰ চিৰিফালি মোৰ কাণত খুন্দা মাৰিলে। কি ভাবি আছা বুলি সুধিব নাপাওঁতেই মুখৰ পৰা ওলাই গল "নাখাও"। আচলতে দোষটো কফি কাপৰ গাত নাই আৰু কফি যছা জনৰো । দোষটো বৰষুণজাকৰ হে। মানুহে কোৱা শুনিছো চিগাৰেট আৰু কফি একে লগে খাব নালাগে,কিন্তু মোৰ কাৰণে বৰষুণ আৰু কফি !!এই কম্বিনেছন টোত মই পাহৰিব বিচৰা অতীত বোৰ সজীৱ হৈ উঠে,জীয়াই উঠে সেই প্ৰতিটো চেকেণ্ড যিটোৰ কোনো জীয়াই থকাৰ অধিকাৰ নাই।
এৰা: ২০০৭ মানৰ কথা ---বৰষুণ দিছিলে দুপালপিটা কোনোবা এটা দিনত ।তাৰিখটো ঠিক মনত নাই।দিনটো শুক্ৰবাৰ আছিলে চাগে ,নট চিঅৰ । "ইটচ অকে ইয়াৰ ইফ বয়জ ডণ্ট ৰিমেম্বাৰ ডেটচ ।"
সেই প্ৰথম কলেজ কেন্টিনত তুমি হাতত কফি একাপ লৈ মোৰ কাষত থকা খালি নীলা ৰঙৰ প্লাষ্টিকৰ চকী খনলৈ আঙুলিয়াই সোধা " ইয়াত কোনোবা আছে নেকি?"প্ৰশ্নটোৰ উত্তৰ আজিলৈকে দিবলৈ নাপালো ।
আজি দিছো বাৰু উত্তৰটো "ৰাতুল বহি আছিল সেইখনত"।
কিন্তু যিটো ভেমত মোৰ উত্তৰ নোপোৱাকৈয়ে তুমি চকীখনত বহিয়ে দিছিলা ,মনত মই থানি তেতিয়াই লৈছিলো
"আই উইল মেনেজ ৰাতুল।"
আগলৈ

No comments:
Post a Comment